Sunday, 14 April 2024

 বহাগৰ বতাহ

______________________


পূৱা শুই উঠিয়েই পাক ঘৰৰ খিৰিকিখন খুলি দিলো। নুনী গছ জোপাত এগালমান বিহংগৰ কলকলনি, তাৰ মাজৰ এটাই হঠাৎ চিঞৰি  উঠিল, আৰু জাকি মাৰি উৰি গুছি গল। মনটো বেয়া লাগি গল। প্ৰতিটো পূৱাই এই দৃষ্টিনন্দন দৃশ্যটো উপভোগ কৰি মনটো ভৰি উঠে।


ভাবিলো দাঁতকেইটা ব্ৰাচ কৰি লঁও, কৰি থাকোঁতে এটা সুৰীয়া মাতে মোৰ মনতো উগুল থুগুল কৰিলে, ততাতৈয়াকৈ পুণৰ খিৰিকিখনৰ কাষ পালোগৈ। পুলকিত মনটোৱে হাহাঁকাৰ কৰিবলৈ ধৰিলে।চকুকেইটাই পিতপিতাবলৈ ধৰিলে পাতৰ আঁৰে আঁৰে।সৌৱা কিচকিচকৈ কলা সেইটো কোকিলৰ মনোমোহা কণ্ঠস্বৰ, বিহগী কবিৰ কবিতাটোৱে ভূমুকি মাৰিলেহি! কুউ কুউ কুউ বুলি আকৌ এবাৰ মাত কুলি আকৌ এবাৰ মাত---- নাকত যদি ধৰে লাজে নাচাওঁ মই পাতৰ মাজে---


কলি জামু জোপালৈ চকু বাগৰিল, কুঁহিপাতৰ মাজে মাজে ডালে ডালে ওলমি থকা ভিন্নৰঙী কপৌফুলবোৰে যেন মোলৈ চাই মিচিকিয়াই আছে। ওচৰৰপৰা ভালদৰে চাই নয়ন জুৰাওঁ বুলি আগফালে ওলাই গলো। এটা ৰাইজাই কৰা আমোলমোল গোন্ধে মোক কাষ চপাই নিলে, শ্যামলী পাতৰ মাজেৰে ভুমুকি মাৰি শুভ্ৰ সাজেৰে মলমলাই আছে তগৰ জোপা, যেন নতুনক আদৰিবলৈ তাইৰ এই সুগন্ধি প্ৰস্তুতি।


কি এক বিনন্দিয়া মোৰ এই দেশ। কি এই প্ৰকৃতিৰ  ৰূপে বনে জাতিষ্কাৰ হৈ নতুনক আদৰাৰ প্ৰস্তুতি। মনটো ভাল লাগি গল যোজনা এফাঁকি স্বতঃষ্ফুৰ্তভাৱেই জিভাৰ আগ পালেহি- 


কপৌফুল ফুলিলে,

তগৰ ফুল ফুলিলে ঐ--- 


কুলিয়ে বিনালে ডালত।


গছে পাত সলালে,

পেঁপাটিও বাজিলে

কিনো কৰি থাক ঘৰত।


ধেৎ তেৰি কতা, ঘপহকৈ কিবা বেলগ এটাহে ওলাই আহিল দেখোন। 


এৰা এনেয়ে ওলোৱা নাই চাগে।  এতিয়াতো মই চেঙেলীয়া লৰাৰ দৰে বিহু মাৰিবলৈ যাব নোৱাৰো। 50ৰ উৰ্ধত মই এজন সাংসাৰিক দায়িত্বৰে ভাৰাক্ৰান্ত নাগৰিক। গতিকে মোৰ কোনো উচ্ছাস, ৰঙ ৰহইচক প্ৰাধান্য দিলে নহব। মোৰ সংসাৰ ধৰ্ম পালন কৰি নৈমিত্তিক কৰ্মত নিজক উৎসৰ্গ কৰিব লাগিব। 


বহু কথাই জুমুৰী দি ধৰিলেহি, অৰ্থনীতি, ৰাজনীতি, ধৰ্মনীতি, সংস্কৃতি ইত্যাদি সাগৰ সদৃশ, পাৰাপাৰহীন।